ভল্ট
সাঁচ:Other uses সাঁচ:Infobox Unit
ভল্ট(V) হৈছে বৈদ্যুতিক বিভৱ, বিভৱভেদ আৰু বিদ্য়ুৎবাহক বলৰ একক[১]।
সংজ্ঞা
এডাল বিদ্য়ুৎ পৰিবাহীৰ মাজেৰে দুটা বিন্দুৰ মাজেৰে এক এম্পিয়াৰ প্ৰৱাহ যাওঁতে যদি এক ৱাট শক্তি ওলায়(dissipates), তেন্তে সেই বিন্দু দুটাৰ মাজৰ বৈদ্য়ুতিক বিভৱৰ পাৰ্থক্যই হৈছে এক ভল্ট[২]। এক মিটাৰ দূৰত্বত থকা দুখন সমান্তৰাল সমতলৰ মাজত যদি এক নিউটন প্ৰতি কুলম্ব জোখৰ বৈদ্য়ুতিক ক্ষেত্ৰ থাকে, সমতল দুখনৰ বিভৱভেদো হৈছে এক ভল্ট। তাৰোপৰি, দুটা বিন্দুৰ মাজেৰে এক জুল শক্তি প্ৰতি কুলম্ব আধানক প্ৰয়োগ কৰি বিন্দু দুটাৰ মাজেৰে পাৰ কৰিলে সেই বিভৱভেদকো এক ভল্ট বুলি কোৱা হয়।
ইয়াক এম্পিয়াৰ ওম, ৱাট প্ৰতি এম্পিয়াৰ বা জুল প্ৰতি কুলম্ব হিচাপেও প্ৰকাশ কৰিব পাৰি
পানীৰ প্ৰৱাহৰ সৈতে সাদৃশ্য
এডাল পাইপৰ মাজেৰে পানীৰ প্ৰৱাহৰ সৈতে কেতিয়াবা বিদ্য়ুৎ বৰ্তনীৰ তুলনা কৰি বৰ্তনীৰ উপাংশবোৰ বুজাবলৈ ব্যৱহাৰ কৰা হয়। যেনে বিভৱভেদৰ সৈতে পানীৰ চাপৰ পাৰ্থক্য, বৈদ্যুতিক প্ৰৱাহৰ সৈতে সেই পাইপডালৰ ব্যাসে যিমান চাপ দিছে, সেই পানীৰ চাপত কিমান পানী পাৰ হৈ গৈছে, তাক তুলনা কৰা হয়। ৰোধক হ'ব পাইপডালৰ কোনো অংশত কমি যোৱা ব্যাস আৰু ধাৰক/আৱেশক হ'ব পাইপডালৰ "U" আকৃতি য'ত কোনো এফালে সাময়িকভাৱে কিছু পানী জমা হ'ব।