এম্পিয়াৰ

testwikiৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

সাঁচ:Infobox Unit এম্পিয়াৰ(A[]) হৈছে আন্তৰ্জাতিক একক প্ৰণালীবিদ্য়ুৎ প্ৰৱাহৰ একক[][]ফ্ৰান্সৰ গণিতজ্ঞ আৰু পদাৰ্থবিজ্ঞানী আন্দ্ৰে ম্যাৰি এম্পিয়াৰৰ নামত এই এককটো ৰখা হৈছে।

সংজ্ঞা

এম্পিয়াৰৰ সংজ্ঞা

দুডাল অসীম দৈৰ্ঘ্যৰ সমান্তৰাল বিদ্য়ুৎ পৰিবাহী( সামান্যতম প্ৰস্থচ্ছেদ) শূন্যস্থানত এক মিটাৰ দূৰত্বত থকাৱস্থাত এই পৰিবাহী দুডালে প্ৰতি মিটাৰ দৈৰ্ঘ্যত সাঁচ:Val নিউটন বল পাবলৈ লগা প্ৰৱাহেই হৈছে এক এম্পিয়াৰ[][][]এম্পিয়াৰৰ বলৰ সূত্ৰ[][] অনুসৰি, বিদ্যুৎ প্ৰৱাহী দুডাল সমান্তৰাল পৰিবাহীৰ মাজত আকৰ্ষণ অথবা বিকৰ্ষণ বল থাকে। এই বলৰ দ্বাৰা এম্পিয়াৰৰ সংজ্ঞা আগবঢ়োৱা হয়। আধানৰ আন্তৰ্জাতিক একক প্ৰণালীৰ একক কুলম্ব হৈছে, এক এম্পিয়াৰ প্ৰৱাহে এক ছেকেণ্ডত কঢ়িয়াই নিয়া বিদ্যুতৰ পৰিমাণ[]। বিপৰীতভাৱে, এক এম্পিয়াৰ প্ৰৱাহ মানে হৈছে এটা বিন্দুৰ মাজেৰে প্ৰতি ছেকেণ্ডত এক কুলম্ব আধান পাৰ হোৱা প্ৰৱাহ।

1 A=1Cs.

সাধাৰণতে আধান Q' 'ক t সময়ত যোৱা প্ৰৱাহ I ৰ দ্বাৰা নিৰ্ণয় কৰা হয়।

ইতিহাস

পোনপ্ৰথমে ছেণ্টিমিটাৰ-গ্ৰাম-ছেকেণ্ড এককত এম্পিয়াৰক বিদ্যুৎ প্ৰৱাহৰ এককৰ ১০ ভাগৰ এক অংশ হিচাপে এম্পিয়াৰক সংজ্ঞাবদ্ধ কৰা হৈছিল। সেই এককটোক বৰ্তমানে এবম্পিয়াৰ হিচাপে জনা যায় আৰু তাক এক ছেণ্টিমিটাৰ দূৰত্বত থকা দুডাল প্ৰৱাহীৰ মাজত ২ ডাইন প্ৰতি ছেণ্টিমিটাৰ বলৰ বাবে লগা প্ৰৱাহ হিচাপে সংজ্ঞাবদ্ধ কৰা হৈছিল।

==তথ্য সংগ্ৰহ==  সাঁচ:Reflist

বাহ্যিক সংযোগ

সাঁচ:আন্তৰ্জাতিক একক পদ্ধতি