আয়তক্ষেত্ৰ
সাঁচ:Geometry stub সাঁচ:Infobox Polygon

আয়তক্ষেত্ৰ (সাঁচ:Lang-en) হৈছে এক চতুৰ্ভুজ যিটোৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল আৰু অভ্যন্তৰৰ প্ৰত্যেকটো কোণেই একো একো সমকোণ।[১][২]
এই সংজ্ঞাৰ পৰা দেখা যায় আয়তৰ দুই যোৰা সমান্তৰাল বাহু আছে, যাৰ অৰ্থ আয়তক্ষেত্ৰ এটি সামান্তৰিক। বৰ্গক্ষেত্ৰ এটি বিশেষ ধৰণৰ আয়তক্ষেত্ৰ যাৰ চাৰিটা বাহুৰ দৈৰ্ঘ্য সমান; ইয়াৰ অৰ্থ বৰ্গ একে সময়তে এক আয়তক্ষেত্ৰ আৰু ৰম্বাছ।
দুটি বিপৰীত সমান্তৰাল যোৰা মাজত যিটো বেছি দীঘল তাৰ দৈৰ্ঘ্যক আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য আৰু সৰু যোৰা বাহুক আয়তক্ষেত্ৰৰ প্ৰস্থ বোলা হয়। আয়তক্ষেত্ৰৰ ক্ষেত্ৰফল হৈছে দৈৰ্ঘ্য আৰু প্ৰস্থৰ গুণফল। সংকেতত প্ৰকাশ কৰিলে । উদাহৰণস্বৰূপে ৫ একক দৈৰ্ঘ্য আৰু ৪ একক প্ৰস্থৰ আয়তক্ষেত্ৰৰ ক্ষেত্ৰফল ২০ বৰ্গ একক: ।
আয়তক্ষেত্ৰৰ পৰিসীমা নিৰ্ণয়ৰ সূত্ৰ হৈছে । সেই অনুসৰি 5 cm দৈঘ্য আৰু 4cm প্ৰস্থৰ আয়তটোৰ পৰিসীমা হ'ব
বৈশিষ্ট্য
- প্ৰতিটো কোণ ৯০ ডিগ্ৰী
- বিপৰীত বাহুবোৰৰ দৈৰ্ঘ্যে পৰস্পৰ সমান।
- বিপৰীত বাহুবোৰ সমান্তৰাল।
- কৰ্ণদ্বয়ৰ দৈৰ্ঘ্য সমান আৰু ই পৰস্পৰক দ্বিখণ্ডিত কৰে।
সংশ্লিষ্ট বহুভুজ
- আয়তক্ষেত্ৰ এক ধৰণৰ বৃত্তস্থ চতুৰ্ভুজ।
- আয়তক্ষেত্ৰৰ যুগ্ম বহুভুজ হ’ল ৰম্বাছ।
- দৈৰ্ঘ্য-প্ৰস্থ সমান হলে আয়ত বৰ্গত পৰিণত হয়।
- আয়ত বিশেষ ধৰণৰ সামান্তৰিক, কাৰণ ইয়াৰ দুই যোৰা সমান্তৰাল বাহু আছে। সামান্তৰিক আৰু ফলত আয়তক্ষেত্ৰও বিশেষ ধৰণৰ ট্ৰেপিজিয়াম, যাৰ অন্ততঃ এযোৰ বাহু সমান্তৰাল হয়।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
- Animated course (Construction, Circumference, Area)
- সাঁচ:MathWorld
- Definition and properties of a rectangle With interactive animation
- Area of a rectangle with interactive animation
- ↑ Definition of Oblong. Mathsisfun.com. Retrieved 2011-11-13.
- ↑ Oblong – Geometry – Math Dictionary. Icoachmath.com. Retrieved 2011-11-13.