হিন্দু জ্যোতিষবিদ্যা

testwikiৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

সাঁচ:হিন্দু ধৰ্ম জ্যোতিষ বা জ্যোতিষ্য (সংস্কৃতত জ্যোতি শব্দৰ অৰ্থ পোহৰ বা দৈৱিক সত্তা) হৈছে হিন্দুসকলৰ মাজত প্ৰচলিত জ্যোতিষবিদ্যাৰ পৰম্পৰাগত ব্যৱস্থা। ইয়াক হিন্দু জ্যোতিষ, ভাৰতীয় জ্যোতিষ বা বৈদিক জ্যোতিষ নামেৰেও জনা যায়। বেদৰ অধ্যয়নৰ সৈতে সম্পৰ্কিত হিন্দু ধৰ্মৰ ছটা সহায়ক শাখাৰ ভিতৰত ই অন্যতম।

বেদাংগ জ্যোতিষ হৈছে বেদৰ অন্তৰ্গত জ্যোতিৰ্বিজ্ঞানৰ প্ৰাচীনতম গ্ৰন্থসমূহৰ ভিতৰত অন্যতম।[][][]সাঁচ:Sfn কিছুসংখ্যক বিদ্বানৰ মতে ভাৰতীয় উপমহাদেশত চলি থকা ৰাশিফলৰ জ্যোতিষ বিদ্যা গ্ৰীক সভ্যতাৰ হেলেনিষ্টিক প্ৰভাৱৰ পৰাই উদ্ভৱ হৈছিল।সাঁচ:Sfnসাঁচ:Sfn কিন্তু এয়া এক বিতৰ্কিত বিষয় আৰু কিছুসংখ্যক বিদ্বানৰ মতে ভাৰতীয় বা হিন্দু জ্যোতিষৰ বিকাশ স্বতন্ত্ৰভাৱে হৈছিল যদিও ই এসময়ত গ্ৰীক জ্যোতিষৰ সংস্পৰ্শলৈ আহিছিল।[]

২০০১ চনত অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ে জ্যোতিষৰ সপক্ষে দিয়া ৰায়দানৰ পিছত বৰ্তমান সময়ত ভাৰতৰ কিছুসংখ্যক বিশ্ববিদ্যালয়ে হিন্দু জ্যোতিষত উচ্চ ডিগ্ৰী প্ৰদান কৰিছে। বৈজ্ঞানিক ঐকমত (সাঁচ:Lang-en) অনুযায়ী জ্যোতিষ বা জ্যোতিষবিদ্যা এক ছদ্মবিজ্ঞান (সাঁচ:Lang-en)।[][][][][]

ব্যুৎপত্তি

মনিয়েৰ-উইলিয়ামছে মত প্ৰকাশ কৰে যে জ্যোতিষ শব্দটোৰ অৰ্থ হৈছে পোহৰ, যেনে সূৰ্য্য, চন্দ্ৰ বা কোনো দৈৱিক সত্তাৰ পোহৰ। জ্যোতিষ শব্দটোৰ ভিতৰত জ্যোতিৰ্বিজ্ঞান, জ্যোতিষ বিদ্যা আৰু মহাকাশীয় বস্তুৰ গতিবিধি লক্ষ্য আৰু ব্যৱহাৰ কৰি সময় নিৰ্ধাৰণৰ বিজ্ঞানৰ অধ্যয়ন অন্তৰ্ভুক্ত কৰা হৈছে।[১০][১১] ইয়াৰ প্ৰধান লক্ষ্য আছিল সময় নিৰ্ধাৰণ, বৰ্ষপঞ্জী, বৈদিক ৰীতি-নীতিৰ বাবে শুভ সময়ৰ পূৰ্বনিৰ্ধাৰণ কৰা আদি।[১০][১১]

ইতিহাস আৰু মূল নীতি

বৈদিক ৰীতি-নীতিৰ বাবে ব্যৱহাৰ কৰা ছটা সহায়ক শাখা অৰ্থাৎ বেদাঙ্গসমূহৰ ভিতৰত জ্যোতিষ অন্যতম।[১২]সাঁচ:Rp প্ৰাৰম্ভিক কালৰ জ্যোতিষত যজ্ঞ বা আচাৰ-অনুষ্ঠানৰ তাৰিখ নিৰ্ধাৰণৰ বাবে বৰ্ষপঞ্জী প্ৰস্তুত কৰাৰ বিষয়ে আছে।[১২]সাঁচ:Rp ইয়াত গ্ৰহৰ বিষয়ে কোনো কথা উল্লেখ নাই।[১২]সাঁচ:Rp অথৰ্ববেদ আৰু চান্দোগ্য উপনিষদত গ্ৰহণৰ কাৰক হিচাপে দানৱৰ বিষয়ে উল্লেখ আছে। চান্দোগ্য উপনিষদত ৰাহুৰ (সূৰ্যগ্ৰহণ আৰু উল্কাপিণ্ডৰ কাৰণ বুলি বিশ্বাস কৰা এক সত্তা) বিষয়ে উল্লেখ আছে।[১২]সাঁচ:Rp গ্ৰহ শব্দটোৱে (গ্ৰহ) প্ৰথমে অসুৰ বুজাইছিল।[১২]সাঁচ:Rp ঋগ্বেদত গ্ৰহণৰ কাৰক হিচাপে স্বৰভানু নামৰ এজন অসুৰৰ কথাও উল্লেখ আছে। কিন্তু স্বৰভানুৰ ক্ষেত্ৰত গ্ৰহ শব্দটো পৰৱৰ্তী কালৰ মহাভাৰত আৰু ৰামায়ণৰ সময়লৈকে প্ৰয়োগ কৰা হোৱা নাছিল।[১২]সাঁচ:Rp

হিন্দু জ্যোতিষৰ মূল ভেটি হৈছে বেদত উল্লিখিত বন্ধুৰ (বন্ধনৰ সৈতে সংযুক্ত) ধাৰণা। ই হৈছে অণুবিশ্ব আৰু বৃহৎ বিশ্বৰ সংযোগ। এই প্ৰথা প্ৰধানকৈ নক্ষত্ৰীয় ৰাশিৰ ওপৰত নিৰ্ভৰশীল। ই পশ্চিমীয়া (হেলেনিষ্টিক) জ্যোতিষত ব্যৱহৃত গ্ৰীষ্মমণ্ডলীয় ৰাশিৰ সৈতে একে নহয়। হিন্দু জ্যোতিষত হেলেনিষ্টিক জ্যোতিষত নোপোৱা বহুকেইটা উপাদানৰ সৈতে ব্যাখ্যা আৰু ভৱিষ্যদ্বাণীৰ কেইবাটাও সূক্ষ্ম উপ-ব্যৱস্থাও অন্তৰ্ভুক্ত কৰা হৈছে। উদাহৰণস্বৰূপে, ইয়াৰ চন্দ্ৰ ভৱনৰ ব্যৱস্থাৰ (নক্ষত্ৰ) কথা ক'ব পাৰি। হেলেনিষ্টিক জ্যোতিষৰ সংস্পৰ্শৰ পিছতহে ভাৰতত গ্ৰহৰ ক্ৰম সাতদিনীয়া সপ্তাহৰ হিচাপত নিৰ্ধাৰণ কৰা হৈছিল।[১২]সাঁচ:Rp[১৩] হেলেনিষ্টিক জ্যোতিষ আৰু জ্যোতিৰ্বিজ্ঞানেও মেষ ৰাশিৰ (সাঁচ:Lang-en) পৰা আৰম্ভ হোৱা ১২টা ৰাশি আৰু আৰোহীৰ (সাঁচ:Lang-en) পৰা আৰম্ভ হোৱা ১২টা জ্যোতিষ স্থানৰ সানমিহলি ঘটায়।[১২]সাঁচ:Rp ভাৰতত গ্ৰীক জ্যোতিষৰ প্ৰৱৰ্তনৰ প্ৰথৰ্টো প্ৰমাণ হৈছে যৱনজাতক আৰু ইয়াৰ আনুমানিক কাল আৰম্ভণিৰ খ্ৰীষ্টীয় শতিকাসমূহ।[১২]সাঁচ:Rpযৱনজাতক খ্ৰীষ্টীয় দ্বিতীয় শতিকাৰ সময়ছোৱাত যৱনেশ্বৰে গ্ৰীক ভাষাৰ পৰা সংস্কৃতলৈ অনুবাদ কৰিছিল। এই গ্ৰন্থখনক সংস্কৃত ভাষাৰ প্ৰথম ভাৰতীয় জ্যোতিষ সম্পৰ্কীয় গ্ৰন্থ বুলি গণ্য কৰা হয়।[১৪] কিন্তু বৰ্তমানেও অক্ষত অৱস্থাত থকা একমাত্ৰ সংস্কৰণটো হৈছে খ্ৰীষ্টীয় ২৭০ চনৰ স্ফুজিধ্বজৰ কাব্য ৰূপৰ সংস্কৰণ।[১২]সাঁচ:Rp ভাৰতীয় জ্যোতিৰ্বিজ্ঞানৰ গ্ৰন্থসমূহৰ ভিতৰত আৰ্য্যভট্টৰ (জন্ম: ৪৭৬ খ্ৰীষ্টাব্দ) আৰ্য্যভটীয় গ্ৰন্থতেই প্ৰথম সপ্তাহৰ দিনটোৰ সংজ্ঞা দিয়া হৈছিল।[১২]সাঁচ:Rp

মিচিঅ' ইয়ানোৰ মত অনুসৰি যৱনজাতক আৰু আৰ্য্যভটীয়ৰ ৰচনাৰ মাজৰ ৩০০ বছৰমান কালৰ ভিতৰত ভাৰতীয় জ্যোতিৰ্বিজ্ঞানীসকলে নিশ্চয় গ্ৰীক জ্যোতিৰ্বিজ্ঞানক ভাৰতীয়কৰণ আৰু সংস্কৃতকৰণ কৰাৰ কামত ব্যস্ত আছিল।[১২] সাঁচ:Rp এই ৩০০ বছৰৰ জ্যোতিৰ্বিজ্ঞানৰ গ্ৰন্থসমূহ পাবলৈ নাই।[১২]সাঁচ:Rp বৰাহমিহিৰৰ পিছৰ কালৰপঞ্চাসিদ্ধান্তিকাত ষষ্ঠ শতিকাৰ পাঁচখন ভাৰতীয় জ্যোতিৰ্বিজ্ঞান পাঠৰ সাৰাংশ সন্নিৱিষ্ট কৰা হৈছে।[১২]সাঁচ:Rp ভাৰতীয় জ্যোতিৰ্বিজ্ঞানে গ্ৰীক জ্যোতিৰ্বিজ্ঞানৰ পুৰণি টলেমিক যুগৰ কিছুসংখ্যক উপাদান সংৰক্ষণ কৰি ৰাখিছিল।[১২]সাঁচ:Rpসাঁচ:Sfnসাঁচ:Sfn[১৫][১১]

ধ্ৰুপদী ভাৰতীয় জ্যোতিষ আধাৰিত মূল গ্ৰন্থসমূহ বুলিলে প্ৰাথমিক কালৰ মধ্যযুগীয় সংকলনসমূহকে ধৰা হয়। ইয়াৰ ভিতৰত বৃহৎ পৰাশৰ হোৰাশাস্ত্ৰ আৰু কল্যাণবাৰ্মাৰসাৰাৱলী উল্লেখযোগ্য। হোৰাশাস্ত্ৰ ৭১টা অধ্যায়ৰ এখন গ্ৰন্থ। কল্যাণবাৰ্মাৰ সাৰাৱলী প্ৰায় ৮০০ চনত ৰচিত।[১৬] এন এন কৃষ্ণ ৰাউ আৰু ভি বি চৌধাৰীয়ে ক্ৰমে ১৯৬৩ আৰু ১৯৬১ চনত এই গ্ৰন্থসমূহৰ ইংৰাজী অনুবাদ প্ৰকাশ কৰিছিল।

আধুনিক হিন্দু জ্যোতিষ

নবিধ গ্ৰহৰত্নৰ অন্যতম ৰুবী

বহুসংখ্যক হিন্দু লোকৰ জীৱনত জ্যোতিষবিদ্যা লোকবিশ্বাসৰ এক গুৰুত্বপূৰ্ণ দিশ। হিন্দু সংস্কৃতিত নৱজাতকৰ নামকৰণ পৰম্পৰাগতভাৱে কুণ্ডলীৰ ওপৰত ভিত্তি কৰি কৰা হয়। জ্যোতিষৰ ধাৰণাসমূহ বৰ্ষপঞ্জী, বিবাহ, নতুন ব্যৱসায়ৰ আৰম্ভণি, বা গৃহপ্ৰৱেশ আদিৰ দৰে ডাঙৰ সিদ্ধান্ত লোৱাত ব্যাপকভাৱে ব্যৱহৃত হয়। বহু হিন্দু লোকে বিশ্বাস কৰে যে মানুহৰ গোটেই জীৱনত গ্ৰহকে ধৰি মহাকাশীয় পদাৰ্থৰ প্ৰভাৱ থাকে আৰু এই গ্ৰহৰ প্ৰভাৱবোৰেই হৈছে "কৰ্মৰ ফল।" নৱগ্ৰহ, অৰ্থাৎ গ্ৰহ দেৱতাসকলে পাৰ্থিৱ জীৱনক প্ৰভাৱিত কৰিব পাৰে বুলি বিশ্বাস কৰা হয়।[১৭]

বিজ্ঞান হিচাপে জ্যোতিষ

জ্যোতিষৰ বিশ্বব্ৰহ্মাণ্ডৰ বৰ্ণনাৰ কোনো ব্যাখ্যামূলক শক্তি নাই বুলি ইয়াক বৈজ্ঞানিক মহলে নাকচ কৰিছে। জ্যোতিষৰ বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা কৰি জ্যোতিষ পৰম্পৰাত উল্লেখ কৰা কোনো চৰ্ত বা প্ৰভাৱৰ সমৰ্থনত কোনো প্ৰমাণ পোৱা হোৱা নাই।[১৮]সাঁচ:Rp জ্যোতিষীসকলে এনে কোনো ব্যৱস্থাৰো প্ৰস্তাৱ আগবঢ়োৱা নাই যাৰ দ্বাৰা নক্ষত্ৰ আৰু গ্ৰহৰ অৱস্থান আৰু গতিয়ে পৃথিৱীৰ মানুহ আৰু পৰিঘটনাক প্ৰভাৱিত কৰিব পাৰে। ছদ্মবিজ্ঞান হিচাপে আখ্যা পোৱাৰ পিছতো কিছুমান ধৰ্মীয়, ৰাজনৈতিক আৰু আইনী প্ৰেক্ষাপটত জ্যোতিষে আধুনিক ভাৰতৰ বিজ্ঞানৰ ভিতৰত নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে।[১৯]

ভাৰতৰ বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে ভাৰতীয় বিশ্ববিদ্যালয়সমূহত অধ্যয়নৰ শাখা হিচাপে "জ্যোতিৰ বিজ্ঞান" বা "বৈদিক জ্যোতিষ" প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁলোকে এই কথা উল্লেখ কৰে যে "বৈদিক জ্যোতিষ বিদ্যা কেৱল আমাৰ পৰম্পৰাগত আৰু ধ্ৰুপদী জ্ঞানৰ প্ৰধান বিষয়সমূহৰ অন্যতম নহয়, কিন্তু ই হৈছে অনুশাসন, যি আমাক মানৱ জীৱন আৰু বিশ্বব্ৰহ্মাণ্ডত ঘটি থকা পৰিঘটনাসমূহ সময়ৰ পৰিসৰত জানিবলৈ দিয়ে।" [২০] জ্যোতিষবিদ্যাই প্ৰকৃততে এনে সঠিক ভৱিষ্যদ্বাণী কৰাৰ সুবিধা প্ৰদান কৰে বুলি প্ৰমাণ পোৱা হোৱা নাই।[২১] অধ্যয়নৰ শাখা হিচাপে বৈদিক জ্যোতিষ প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰ সিদ্ধান্তৰ সমৰ্থনত ২০০১ চনৰ অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ে ৰায়দান কৰে। কিছুসংখ্যক ভাৰতীয় বিশ্ববিদ্যালয়ে জ্যোতিষ বিষয়ত উচ্চতৰ ডিগ্ৰী প্ৰদান কৰে।[২২] ইয়াৰ ফলত ভাৰতৰ বৈজ্ঞানিক মহল আৰু বিদেশত কৰ্মৰত ভাৰতীয় বিজ্ঞানীসকলে ব্যাপকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ভাৰতৰ উচ্চতম ন্যায়ালয়লৈ প্ৰেৰণ কৰা এখন আবেদনত কোৱা হৈছে যে বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত জ্যোতিষৰ প্ৰৱৰ্তন “পিছফাললৈ এটা বৃহৎ খোজ, দেশে এতিয়ালৈকে যি বৈজ্ঞানিক বিশ্বাসযোগ্যতা অৰ্জন কৰিছে, তাক ক্ষতিগ্ৰস্ত কৰিছে।”[২০]

২০০৪ চনত উচ্চতম ন্যায়ালয়ে এই আবেদন অগ্ৰাহ্য কৰি[২৩][২৪] এই সিদ্ধান্তত উপনীত হয় যে জ্যোতিষৰ শিক্ষাই ধৰ্মৰ প্ৰচাৰ হিচাপে যোগ্যতা অৰ্জন নকৰে।[২৫][২৬] ২০১১ চনৰ ফেব্ৰুৱাৰী মাহত বম্বে উচ্চ ন্যায়ালয়ে বিজ্ঞান হিচাপে জ্যোতিষৰ মৰ্যাদাক প্ৰত্যাহ্বান জনাই ৰুজু এটা গোচৰ খাৰিজ কৰাৰ সময়ত ২০০৪ চনৰ উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ কথা উল্লেখ কৰিছিল।[২৭] বিজ্ঞানীসকলৰ অভিযোগ বাহাল থকাৰ পিছতো[২৮][২৯] ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ত জ্যোতিষৰ পাঠদান অব্যাহত আছে।[২৬][৩০] জ্যোতিষৰ অধ্যয়নৰ সৈতে একেলগে তন্ত্ৰ, মন্ত্ৰ আৰু যোগৰ পাঠদানৰ বাবে এখন ৰাষ্ট্ৰীয় বৈদিক বিশ্ববিদ্যালয় স্থাপনৰ যো-জা চলিছে।[৩১]

ভাৰতীয় জ্যোতিষীসকলে ধাৰাবাহিকভাৱে এনে কিছু দাবী উত্থাপন কৰি আহিছে যিসমূহ সন্দেহবাদীসকলে সম্পূৰ্ণৰূপে নুই কৰিছে। উদাহৰণস্বৰূপে, শনি গ্ৰহটো প্ৰায় ৩০ বছৰৰ মূৰে মূৰে মেষ নক্ষত্ৰমণ্ডলত থাকে। সেয়ে হ'লেও বাকী সকলো চন/তাৰিখ আওকাণ কৰি জ্যোতিষী বেংগালুৰু ভেংকট ৰমনে দাবী কৰিছিল যে "১৯৩৯ চনত শনি মেষ ৰাশিত থাকোঁতে ইংলেণ্ডে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিবলগীয়া হৈছিল।" [৩২] জ্যোতিষীসকলে ভাৰতত নিৰ্বাচনৰ ফলাফলৰ ভৱিষ্যদ্বাণী কৰাৰ প্ৰচেষ্টাত নিয়মিতভাৱে ব্যৰ্থ হয়। ইয়াৰ উপৰিও তেওঁলোকে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাৰ দৰে গুৰুত্বপূৰ্ণ ঘটনাৰো ভৱিষ্যদ্বাণী কৰাত ব্যৰ্থ হয়। ১৯৮২ চনত ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধ সম্পৰ্কে ভাৰতীয় জ্যোতিষী সংস্থাৰ মুৰব্বীয়ে কৰা ভৱিষ্যদ্বাণীও ফলৱতী নহয়।[৩২]

২০০০ চনত কেইবাটাও গ্ৰহে ইটোৱে সিটোৰ কাষত অৱস্থান কৰোঁতে জ্যোতিষীসকলে ভৱিষ্যদ্বাণী কৰিছিল যে বিপৰ্যয়, আগ্নেয়গিৰিৰ উদ্গীৰণ আৰু ছুনামি হ'ব। ইয়াৰ ফলত ভাৰতৰ গুজৰাটৰ সাগৰৰ পাৰৰ এখন গাঁৱৰ লোক আতংকিত হৈ নিজৰ ঘৰ-দুৱাৰ পৰিত্যাগ কৰে। কিন্তু ভৱিষ্যদ্বাণী কৰাৰ দৰে কোনো পৰিঘটনা সংঘটিত নহয় আৰু ইয়াৰ পৰিৱৰ্তে খালী ঘৰবোৰত চুৰি হয়।[]

গ্ৰন্থসমূহ

বৰাহমিহিৰৰ বৃহৎজাতক

জ্যোতিষৰ এক প্ৰাচীন গ্ৰন্থ হৈছে বেদাংগ-জ্যোতিষ। ই দুটা সংস্কৰণত বিভক্ত। ইয়াৰে এটা সংস্কৰণ ঋগবেদৰ সৈতে জড়িত আৰু আনটো সংস্কৰণ যজুৰ্বেদৰ সৈতে জড়িত।সাঁচ:Sfn ঋগ্বেদ সংস্কৰণত ৩৬টা শ্লোক আছে। আনহাতে যজুৰ্বেদত ৪৩টা শ্লোক আছে আৰু ইয়াৰ ভিতৰত ২৯টা পদ ঋগ্বেদৰ পৰা ধাৰ কৰি অনা হৈছে।সাঁচ:Sfnসাঁচ:Sfn ঋগ্বেদ সংস্কৰণক লগাধ ঋষি আৰু কেতিয়াবা শুচি ঋষিৰ বুলিও কোৱা হয়।সাঁচ:Sfn যজুৰ্বেদ সংস্কৰণত কোনো নিৰ্দিষ্ট ঋষিক কৃতিত্ব দিয়া হোৱা নাই। ই সৰ্বাধিক অধ্যয়ন কৰা সংস্কৰণ।সাঁচ:Sfn

সম্ভৱতঃ খ্ৰীষ্টীয় ৫ম শতিকাত ৰচিত জ্যোতিষ গ্ৰন্থ ব্ৰহ্ম-সিদ্ধান্তত গ্ৰহসমূহৰ লগতে সূৰ্য্য আৰু চন্দ্ৰৰ গতিবিধি ব্যৱহাৰ কৰি কেনেকৈ সময় আৰু পঞ্জিকা নিৰ্ধাৰণ কৰিব পাৰি বিষয়ে আলোচনা কৰা হৈছে।সাঁচ:Sfn এই গ্ৰন্থখনত ইয়াৰ কক্ষপথৰ তত্ত্ব, গ্ৰহৰ অৱস্থান আদিৰ পূৰ্বনিৰ্ধাৰণ আদি কৰিবলৈ ত্ৰিকোণমিতি আৰু গাণিতিক সূত্ৰৰ তালিকাও দিয়া হৈছে।সাঁচ:Sfn এই গ্ৰন্থখন বৰ্তমানৰ বিশ্বব্ৰহ্মাণ্ডৰ জীৱনকাল হিচাপে এক অতি বৃহৎ পূৰ্ণসংখ্যা, যেনে ৪.৩২ বিলিয়ন বছৰৰ উপস্থাপনৰ বাবে উল্লেখযোগ্য।সাঁচ:Sfn

জ্যোতিষৰ ওপৰত ৰচিত প্ৰাচীন হিন্দু গ্ৰন্থসমূহত কেৱল সময় নিৰ্ধাৰণৰ বিষয়েহে আলোচনা কৰা হৈছে। ইয়াত কেতিয়াও জ্যোতিষ বা ভৱিষ্যদ্বাণীৰ কথা উল্লেখ কৰা হোৱা নাই।[৩৩] এই প্ৰাচীন গ্ৰন্থসমূহে প্ৰধানকৈ জ্যোতিৰ্বিজ্ঞানক সামৰি লয়।[৩৪] ভাৰতত কাৰিকৰী ৰাশিফল আৰু জ্যোতিষৰ ধাৰণা গ্ৰীচৰ পৰা আহিছিল। খ্ৰীষ্টীয় ১ম সহস্ৰাব্দৰ প্ৰথম শতিকাতে ইয়াৰ বিকাশ ঘটিছিল।[৩৫]সাঁচ:Sfnসাঁচ:Sfn পৰৱৰ্তী সময়ৰ মধ্যযুগীয় কালৰ গ্ৰন্থ যেনে যৱন-জাতক আৰু সিদ্ধান্তসমূহৰ সৈতে জ্যোতিষৰ সম্পৰ্ক অধিক।সাঁচ:Sfn

আলোচনা

জ্যোতিষৰ ক্ষেত্ৰখনত সময় নিৰ্ণয় কৰাৰ লগতে বৈদিক আচাৰ-ব্যৱহাৰৰ বাবে শুভ দিন আৰু সময়ৰ পূৰ্বাভাস দিয়া হয়।[১১] বেদাংগৰ ক্ষেত্ৰখনে সময়ক যুগ হিচাপে বিভক্ত কৰিছিল।সাঁচ:Sfn ইয়াক পুনৰ একাধিক চান্দ্ৰ-সৌৰ ব্যৱধানত বিভক্ত কৰা হৈছিল।সাঁচ:Sfn এটা বৈদিক যুগত ১,৮৬০ তিথি বা তাৰিখ থাকে। বেদাংগই এটা সূৰ্য্যোদয়ৰ পৰা আন এটা সূৰ্য্যোদয়লৈকে এটা দিনৰ সংজ্ঞা দিছিল।সাঁচ:Sfn

ডেভিদ পিংগ্ৰীয়ে কয় যে জ্যোতিষৰ ঋগ্বেদিক সংস্কৰণটো বেদত সম্ভৱতঃ খ্ৰীষ্টপূৰ্ব ৫১৩ আৰু ৩২৬ চনৰ ভিতৰত সংযুক্ত হৈছিল। সেই সময়ত সিন্ধু উপত্যকা মেছ'পটেমিয়াৰ পৰা অহা আচেমেনীসকলে দখল কৰিছিল।সাঁচ:Sfn এই প্ৰাচীন সংস্কৃত গ্ৰন্থসমূহত উল্লেখ কৰা গণিত আৰু সময় নিৰ্ধাৰণ কৰা যন্ত্ৰ যেনে জলঘড়ী আদি মেছ’পটেমিয়াৰ পৰা ভাৰতলৈ আহিছিল বুলি পিংগ্ৰীয়ে মত প্ৰকাশ কৰে। কিন্তু ইউকিঅ' ওহাছিয়ে এই কথা ভুল বুলি বিবেচনা কৰে।সাঁচ:Sfn ইয়াৰ পৰিৱৰ্তে তেওঁ কয় যে বৈদিক সময় নিৰ্ধাৰণৰ প্ৰচেষ্টা, অনুষ্ঠানৰ বাবে উপযুক্ত সময়ৰ পূৰ্বাভাস আদি নিশ্চয় বহু আগতেই আৰম্ভ হৈছিল আৰু ইয়াৰ প্ৰভাৱ ভাৰতৰ পৰা মেছ'পটেমিয়ালৈ প্ৰবাহিত হ'ব পাৰে।সাঁচ:Sfn তেওঁ লগতে ইয়াকো কয় যে হিন্দু আৰু ইজিপ্ত–পাৰ্চী উভয় সংস্কৃতিৰ বৰ্ষতে বছৰটোত মুঠ দিনৰ সংখ্যা ৩৬৫ৰ সমান বুলি ধৰি লোৱাটো ভুল।সাঁচ:Sfn ইয়াৰ উপৰিও ওহাছিয়ে কয় যে সময় গণনাৰ বাবে মেছ'পটেমিয়া আৰু ভাৰতীয় সূত্ৰ পৃথক। প্ৰত্যেকেই নিজৰ নিজৰ অক্ষাংশৰ বাবেহে কাম কৰিব পাৰে। যিকোনো এটাই আনটোৰ অঞ্চলত সময় আৰু দিনপঞ্জীৰ পূৰ্বনিৰ্ধাৰণ কৰাত ডাঙৰ ভুল কৰিব।[৩৬] আস্কো পাৰ্পোলাৰ মতে প্ৰাচীন ভাৰতত জ্যোতিষ আৰু চান্দ্ৰ-সৌৰ বৰ্ষপঞ্জীৰ আৱিষ্কাৰ আৰু চীনতো ইয়াৰ অনুৰূপ আৱিষ্কাৰ সমান্তৰাল বিকাশৰ ফল। ই মেছ'পটেমিয়াৰ পৰা প্ৰসাৰণৰ ফলত হোৱা নাই।[৩৭]

কিম প্লফকাৰে কয় যে দুয়োফালৰ পৰা সময় নিৰ্ধাৰণৰ ধাৰণাসমূহৰ প্ৰবাহ যুক্তিযুক্ত হ’লেও প্ৰত্যেকেই হয়তো নিজ নিজ ঠাইত স্বতন্ত্ৰভাৱে বিকশিত হৈছে।সাঁচ:Sfn[৩৮] ইয়াৰ উপৰিও প্লফকাৰ আৰু অন্যান্য পণ্ডিতসকলে লগতে কয় যে সময় নিৰ্ধাৰণৰ ধাৰণাসমূহৰ আলোচনা খ্ৰীষ্টপূৰ্ব দ্বিতীয় সহস্ৰাব্দৰ গ্ৰন্থ শতপথ ব্ৰাহ্মণৰ সংস্কৃত শ্লোকসমূহত পোৱা যায়।সাঁচ:Sfn[৩৯] অৰ্থশাস্ত্ৰৰ দৰে বহুতো প্ৰাচীন হিন্দু গ্ৰন্থত জলঘড়ী আৰু সূৰ্য্যঘড়ীৰ উল্লেখ আছে।[৪০][৪১] প্লফকাৰে কয় যে মেছ’পটেমিয়া আৰু ভাৰতীয় জ্যোতিষ ভিত্তিক ব্যৱস্থাৰ কিছু সংহতি হয়তো ভাৰতলৈ গ্ৰীক জ্যোতিষৰ ধাৰণাৰ আগমনৰ পিছত পাৰস্পৰিকভাৱে ঘটিছিল।[৪২]

জ্যোতিষ গ্ৰন্থসমূহত দিন একোটাৰ দৈৰ্ঘ্য, সূৰ্যোদয় আৰু চান্দ্ৰমাহৰ পূৰ্বনিৰ্ধাৰণ কৰিবলৈ গাণিতিক সূত্ৰ উপস্থাপন কৰা হৈছে।সাঁচ:Sfnসাঁচ:Sfnসাঁচ:Sfn উদাহৰণস্বৰূপে,

দিন এটাৰ দৈৰ্ঘ্য = (12+261n) মুহূৰ্ত সাঁচ:Sfn
ইয়াত n হৈছে শীতকালীন অনন্তকালৰ পিছৰ বা আগৰ দিনৰ সংখ্যা আৰু এটা মুহূৰ্ত হৈছে দিনটোৰ ৩০ ভাগৰ এভাগৰ (৪৮ মিনিট) সমান।{{Sfn|Ohashi|1999|p=720}

ৰাশিচক্ৰ

ৰাশিচক্ৰ

ৰাশিচক্ৰ হৈছে ৩৬০ ডিগ্ৰীৰ এক কাল্পনিক চক্ৰ আৰু ই ৩০ ডিগ্ৰীৰ ১২টা সমান অংশত বিভক্ত। প্ৰতিটো অংশক ৰাশি বোলা হয়। জ্যোতিষ আৰু পশ্চিমীয়া ৰাশিৰ জোখ-মাখৰ পদ্ধতিৰ পাৰ্থক্য আছে। সমকালীনভাৱে দুয়োটা ব্যৱস্থা একে হ’লেও জ্যোতিষে মূলতঃ নক্ষত্ৰীয় ৰাশি (য’ত নক্ষত্ৰক গ্ৰহসমূহৰ গতি জুখিব পৰা নিৰ্দিষ্ট পটভূমি বুলি ধৰা হয়) ব্যৱহাৰ কৰে। আনহাতে বেছিভাগ পশ্চিমীয়া জ্যোতিষীয়ে গ্ৰীষ্মমণ্ডলীয় ৰাশি (য’ত গ্ৰহবোৰ বসন্ত বিষুৱত সূৰ্য্যৰ অৱস্থানৰ বিপৰীতে জুখিব পাৰি) ব্যৱহাৰ কৰে।

ইংৰাজী সংস্কৃত [৪৩] আৰম্ভ হৈছে প্ৰতিনিধিত্ব উপাদান গুণমান শাসকীয় গ্ৰহ
মেষ ৰাশি সাঁচ:Lang-sa ০° মেষ অগ্নি চলনশীল মংগল গ্ৰহ
বৃষ ৰাশি সাঁচ:Lang-sa ৩০° ষাঁড় পৃথিৱী স্থিৰ শুক্ৰ গ্ৰহ
মিথুন ৰাশি সাঁচ:Lang-sa ৬০° যমজ সন্তান বায়ু দ্বৈত বুধ গ্ৰহ
কৰ্কট ৰাশি সাঁচ:Lang-sa ৯০° কেঁকোৰা জল চলনশীল চন্দ্ৰ
সিংহ ৰাশি সাঁচ:Lang-sa ১২০° সিংহ অগ্নি স্থিৰ সূৰ্য
কন্যা ৰাশি সাঁচ:Lang-sa ১৫০° কুমাৰী ছোৱালী পৃথিৱী দ্বৈত বুধ গ্ৰহ
তুলা ৰাশি সাঁচ:Lang-sa ১৮০° ভাৰসাম্য বায়ু চলনশীল শুক্ৰ গ্ৰহ
বৃশ্চিক ৰাশি সাঁচ:Lang-sa ২১০° বৃশ্চিক জল স্থিৰ মংগল গ্ৰহ
ধনু ৰাশি সাঁচ:Lang-sa ২৪০° ধনু আৰু কাঁড় অগ্নি দ্বৈত বৃহস্পতি
মকৰ ৰাশি সাঁচ:Lang-sa ২৭০° ঘঁৰিয়াল পৃথিৱী চলনশীল শনি গ্ৰহ
কুম্ভ ৰাশি সাঁচ:Lang-sa ৩০০° পানীভাৰী বায়ু স্থিৰ শনি গ্ৰহ
মীন ৰাশি সাঁচ:Lang-sa ৩৩০° মাছ জল দ্বৈত বৃহস্পতি

নক্ষত্ৰ, বা চন্দ্ৰ ভৱন

নক্ষত্ৰ

নক্ষত্ৰ বা চন্দ্ৰ ভৱন হৈছে হিন্দু জ্যোতিষত ব্যৱহৃত নিশাৰ আকাশৰ ২৭টা সমান বিভাজন। ইয়াৰ প্ৰত্যেকটো ভাগকে নিৰ্দিষ্ট তাৰকাসমূহৰ দ্বাৰা চিনাক্ত কৰা হয়।[৪৪]সাঁচ:Rp

দুই ৰাশিৰ লগতে নক্ষত্ৰৰ যি সংযোগ তাক কোৱা হয় গণ্ডান্ত[৪৫]

দশা বা গ্ৰহকাল

দশা বা গ্ৰহকাল (সংস্কৃত: दशा) শব্দৰ অৰ্থ হৈছে 'সত্তাৰ অৱস্থা'। এই কথা বিশ্বাস কৰা হয় যে দশাই ব্যক্তিৰ সত্তাৰ অৱস্থা বহুলাংশে নিয়ন্ত্ৰণ কৰে। দশা ব্যৱস্থাত কোন সময়ত কোনবোৰ গ্ৰহ বিশেষভাৱে সক্ৰিয় হৈ উঠে সেয়া কোৱা হয়।

দৈৱিক সত্তা

সাঁচ:Multiple image নৱগ্ৰহ[৪৬] হৈছে হিন্দু জ্যোতিষত ব্যৱহৃত নটা দৈৱিক গ্ৰহ বা সত্তা। এইকেইটা হ'ল:[৪৪]সাঁচ:Rp

নৱগ্ৰহক মানুহৰ মন আৰু সিদ্ধান্ত গ্ৰহণক প্ৰভাৱিত কৰা একো একোটা শক্তি বুলি কোৱা হয়। যেতিয়া এই গ্ৰহবোৰ নিজ নিজ দশালৈ আহে বা সক্ৰিয় হয় তেতিয়া তেওঁলোকে মানুহৰ কাম-কাজ আৰু বিভিন্ন পৰিঘটনা পৰিচালনা কৰিবলৈ বিশেষভাৱে সক্ষম হয় বুলি বিশ্বাস কৰা হয়।

গ্ৰহসমূহক প্ৰধানকৈ[৪৭] পেছা, বিবাহ আৰু দীৰ্ঘায়ুক বুজাবলৈ ধৰা হয়।[৪৮]

যোগ

যোগ হৈছে গ্ৰহবোৰে ইটোৱে সিটোৰ লগত স্থাপন কৰা এক নিৰ্দিষ্ট সম্পৰ্ক।[৪৪]সাঁচ:Rp

তথ্য সংগ্ৰহ

  1. সাঁচ:Cite book
  2. সাঁচ:Cite book
  3. সাঁচ:Cite book
  4. সাঁচ:Citation
  5. সাঁচ:Cite journal
  6. সাঁচ:Cite encyclopedia
  7. সাঁচ:Cite web
  8. সাঁচ:Cite journal
  9. ৯.০ ৯.১ সাঁচ:Cite book
  10. ১০.০ ১০.১ সাঁচ:Cite book
  11. ১১.০ ১১.১ ১১.২ ১১.৩ James Lochtefeld (2002), "Jyotisha" in The Illustrated Encyclopedia of Hinduism, Vol. 1: A–M, Rosen Publishing, সাঁচ:ISBN, pages 326–327
  12. ১২.০০ ১২.০১ ১২.০২ ১২.০৩ ১২.০৪ ১২.০৫ ১২.০৬ ১২.০৭ ১২.০৮ ১২.০৯ ১২.১০ ১২.১১ ১২.১২ ১২.১৩ ১২.১৪ Flood, Gavin. Yano, Michio. 2003. The Blackwell Companion to Hinduism. Malden: Blackwell.
  13. Flood, p. 382
  14. Mc Evilley "The shape of ancient thought", p. 385 ("The Yavanajātaka is the earliest surviving Sanskrit text in horoscopy, and constitute the basis of all later Indian developments in horoscopy", himself quoting David Pingree "The Yavanajātaka of Sphujidhvaja" p. 5)
  15. সাঁচ:Cite book
  16. David Pingree, সাঁচ:IAST (J. Gonda (Ed.) A History of Indian Literature, Vol VI Fasc 4), p. 81
  17. Karma, an anthropological inquiry, pg. 134, at Google Books
  18. সাঁচ:Cite journal
  19. "In countries such as India, where only a small intellectual elite has been trained in Western physics, astrology manages to retain here and there its position among the sciences." David Pingree and Robert Gilbert, "Astrology; Astrology In India; Astrology in modern times" Encyclopædia Britannica 2008
  20. ২০.০ ২০.১ Supreme Court questions 'Jyotir Vigyan', Times of India, 3 September 2001 timesofindia.indiatimes.com
  21. সাঁচ:Cite web
  22. T. Jayaraman, A judicial blow, Frontline Volume 18 – Issue 12, Jun. 09 – 22, 2001 hinduonnet.com
  23. Astrology On A Pedestal সাঁচ:Webarchive, Ram Ramachandran, Frontline Volume 21, Issue 12, Jun. 05 - 18, 2004
  24. Introduction of Vedic astrology courses in varsities upheld, The Hindu, Thursday, May 06, 2004
  25. সাঁচ:Cite web
  26. ২৬.০ ২৬.১ সাঁচ:Cite news
  27. সাঁচ:Cite news
  28. সাঁচ:Cite news
  29. সাঁচ:Cite journal
  30. সাঁচ:Cite news
  31. সাঁচ:Cite news
  32. ৩২.০ ৩২.১ সাঁচ:Cite journal
  33. সাঁচ:Cite book
  34. সাঁচ:Cite book
  35. সাঁচ:Cite book
  36. সাঁচ:Cite book
  37. Asko Parpola (2013), "Beginnings of Indian Astronomy, with Reference to a Parallel Development in China", History of Science in South Asia, Vol. 1, pages 21–25
  38. সাঁচ:Cite journal
  39. সাঁচ:Cite book
  40. সাঁচ:Cite journal
  41. সাঁচ:Cite book
  42. সাঁচ:Cite book
  43. সাঁচ:Cite book
  44. ৪৪.০ ৪৪.১ ৪৪.২ Sutton, Komilla (1999). The Essentials of Vedic Astrology, The Wessex Astrologer Ltd, England
  45. সাঁচ:Cite book
  46. Sanskrit-English Dictionary by Monier-Williams, (c) 1899
  47. সাঁচ:Cite book
  48. সাঁচ:Cite book