সৰণ
সাঁচ:Sidebar with collapsible lists
সৰণ হৈছে এক ভেক্টৰ যিয়ে কোনো বস্তুৰ প্ৰাৰম্ভিক স্থান আৰু অন্তিম স্থানৰ মাজৰ সৰ্বনিম্ন দূৰত্বক সূচায়[১]। ইয়াৰ লগত দিশ জড়িত হৈ থাকে আৰু প্ৰাৰম্ভিক অৱস্থানৰ পৰা অন্তিম অৱস্থানলৈ এডাল কাল্পনিক সৰলৰেখাৰ দূৰত্বক নিৰ্দেশ কৰে। কোনো বস্তুৰ সৰণ হৈছে কোনো এক নিৰ্দিষ্ট দিশত বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব : প্ৰাৰম্ভিক অৱস্থান (Si)ৰ সাপেক্ষে অন্তিম অৱস্থান(Sf) যদি হয়, তেন্তে গাণিতীকভাৱে সৰণ ভেক্টৰ হৈছে অন্তিম আৰু প্ৰাৰম্ভিক অৱস্থান ভেক্টৰৰ পাৰ্থক্য:
কোনো বস্তুৰ তাৎক্ষণিক বেগ হৈছে সময়ৰ ফলন সাপেক্ষে সৰণৰ সলনিৰ হাৰ। বেগক অৱস্থান ভেক্টৰৰ( position vector) সময় সাপেক্ষে হোৱা সলনিৰ হাৰ বুলিও সংজ্ঞাবদ্ধ কৰিব পাৰি। গড় বেগ হৈছে সৰণক মুঠ সময়সীমাৰে হৰণ কৰি পোৱা ৰাশি।
অনমনীয় পদাৰ্থ(Rigid body)
অনমনীয় বস্তুৰ সৰণৰ ক্ষেত্ৰত ই কেতিয়াবা বস্তুৰ ঘূৰ্ণনকো অন্তৰ্ভুক্ত কৰায়। এইক্ষেত্ৰত, বস্তুৰ সৰণ বুলি কওঁতে ৰৈখিক সৰণ আৰু ঘূৰ্ণনৰ ক্ষেত্ৰত কৌণিক সৰণ বোলা হয়।