লিটাৰ
সাঁচ:Infobox unit লিটাৰ (ইংৰাজীত Litre বা Liter) হ'ল মেট্ৰিক পদ্ধতিত আয়তনৰ একক। এক লিটাৰ হ'ল ১০০০ ঘন চেণ্টিমিটাৰৰ সমান (দশমিক পদ্ধতিত সমগ্ৰ পৃথিৱীতে ওজন, দৈৰ্ঘ্য পৰিমাপ কৰা হয়, এয়াই মেট্ৰিক পদ্ধতি)। লিটাৰ শব্দটোৰ আন্তৰ্জাতিক প্ৰতিশব্দ হ'ল litre আৰু আমেৰিকান প্ৰতিশব্দ হ'ল liter, ইয়াৰ এছ আই চিহ্ন L বা l[১] অন্য এটি চিহ্ন ℓ ৰ জৰিয়তেও লিটাৰক প্ৰতিনিধিত্ব কৰা হয়। ই ১ ঘন ডেচিমিটাৰ (dm3), ১,০০০ ঘন চেণ্টিমিটাৰ (cm3) বা ১/১,০০০ ঘনমিটাৰৰ সৈতে সমান। ১ ঘন ডেচিমিটাৰ বুলিলে আয়তন হিচাপত ১০ চেমি × ১০ চেমি × ১০ চেমি আৰু ই এহেজাৰ ভাগৰ ১ ঘনমিটাৰৰ সৈতে সমান। সাধাৰণতে জুলীয়া বস্তু যেনেঃ পানী, গাখীৰ, তেল ইত্যাদিৰ পৰিমাণ প্ৰকাশ কৰিবৰ বাবে এই লিটাৰ এককৰ ব্যৱহাৰ কৰা হয়।
ফৰাচী মেট্ৰিক পদ্ধতিত লিটাৰক মূল একক হিচাপে ব্যৱহাৰ কৰিছিল। লিটাৰৰ মূল শব্দটো, পুৰণি ফৰাচী শব্দ 'লিট্ৰণ' প্ৰকৃততে এটি গ্ৰীক শব্দ আৰু গ্ৰীক ভাষাত এই এককটো আয়তনৰ পৰিৱৰ্তে ওজনৰ একক হিচাপে হে ব্যৱহাৰ কৰিছিল[২] আৰু ই প্ৰায় ০.৮৩১ৰ সমান। লিটাৰ এককটো মেট্ৰিক পদ্ধতিত বহু ক্ষেত্ৰত ব্যৱহাৰ হৈছিল আৰু পিছলৈ ইয়াক এছ আই পদ্ধতিত ব্যৱহাৰ বাবে সিদ্ধান্ত লোৱা হয়।[৩] কিন্তু ই, এছ আই একক নহয়। আয়তনৰ এছ আই একক হ'ল ঘন মিটাৰ (m3)।
সংজ্ঞা আৰু সমতুল্য হিচাপ
সংজ্ঞা
এক লিটাৰ বুলিলে ১ ঘন ডেচিমিটাৰ আয়তনক বুজায়। (১ L = ১ dm³).
- ১ L = ০.০০১ m³
পূৰ্বে ১ লিটাৰ বুলিলে প্ৰমাণ তাপমাত্ৰা আৰ চাপৰ ১ কিলোগ্ৰাম বিশুদ্ধ পানীৰ আয়তনক বুজোৱা হৈছিল। মেট্ৰিক পদ্ধতিৰ আয়তনৰ মূল একক হৈছে লিটাৰ।
সমতূল্য হিচাপ
এটি ঘনবস্তু, যাৰ প্ৰতিটো ধাৰৰ দৈৰ্ঘ্য ১০ চেণ্টিমিটাৰ, তাৰ আয়তন ১ লিটাৰৰ সমান। ১ ঘনফুটত প্ৰায় ২৭ লিটাৰ হৈ থাকে।
লিটাৰৰ আগত যুক্ত হোৱা এছ আই প্ৰেফিক্স
লিটাৰ শব্দৰ আগত বিভিন্ন এছ আই বিশেষণ যুক্ত কৰি বিভিন্ন পৰিমাণৰ আয়তন বুজোৱা হয়। যেনে:
| Multiple | Name | Symbols | Multiple | Name | Symbols | |||
|---|---|---|---|---|---|---|---|---|
| ১০০ | লিটাৰ | l | L | |||||
| ১০১ | ডেকালিটাৰ | dal | daL | ১০−১ | ডেচিলিটাৰ | dl | dL | |
| ১০২ | হেক্টোলিটাৰ | hl | hL | ১০−২ | চেণ্টিলিটাৰ | cl | cL | |
| ১০৩ | কিলোলিটাৰ | kl | kL | ১০−৩ | মিলিলিটাৰ | ml | mL | |
| ১০৬ | মেগালিটাৰ | Ml | ML | ১০−৬ | মাইক্ৰ'লিটাৰ | µl | µL | |
| ১০৯ | গিগালিটাৰ | Gl | GL | ১০−৯ | নেন'লিটাৰ | nl | nL | |
| ১০১২ | টেৰালিটাৰ | Tl | TL | ১০−১২ | পিকোলিটাৰ | pl | pL | |
| ১০১৫ | পেটালিটাৰ | Pl | PL | ১০−১৫ | ফেমটোলিটাৰ | fl | fL | |
| ১০১৮ | এক্সালিটাৰ | El | EL | ১০−১৮ | অ্যাটোলিটাৰ | al | aL | |
নামৰ উৎস
লিটাৰ শব্দটি আহিছে ফৰাচী একক লিট্ৰোঁৰ পৰা। ১৭৯৫ চনত পোন প্ৰথম ফ্ৰান্সতেই এই লিটাৰ এককটি প্ৰজাতান্ত্ৰিক ভাৱে ব্যৱহাৰ হৈছিল আৰু ই ১ঘন ডেচিমিটাৰ বুজাইছিল।[৪]এক লিটাৰ পানীৰ ভৰ প্ৰায় এক কিলোগ্ৰামৰ সমান কিয়নো ১৭৯৫ চনত এক গ্ৰাম ওজনক, বৰফৰ গলনাংকৰ উত্তাপত থকা এক ঘন চেণ্টিমিটাৰ পানীৰ ভৰৰ সৈতে সমান বুলি পোৱা গৈছিল। মূল ডেচিমিটাৰৰ দৈঘ্য আছিল ৪৪.৩৪৪ লিগীন্স, ইয়াক ১৭৯৮ চনত ৪৪.৩২৯৬ লিগীন্সলৈ সংশোধিত কৰা হয়। ইয়াৰ পৰাই আজিৰ ঘন ডেচিমিটাৰ, প্ৰকৃত ১.০০০৯৭৪ লিটাৰ বুলি পোৱা গৈছে আৰু ইয়াৰ দ্বাৰাই এক কিলোগ্ৰামৰ ধাৰণাটো পোৱা গৈছে।[৪]
অন্যান্য মেট্ৰিক হিচাপৰ সৈতে সম্পৰ্ক
- আয়তন
- ১ µL (মাইক্ৰ'লিটাৰ) = ১ mm³ (ঘন মিলিমিটাৰ)
- ১ mL (মিলিলিটাৰ) = ১ cm³ (ঘন চেণ্টিমিটাৰ)
- ১ ঘনফুট পানী = ২৮.৩ লিটাৰ =৭.৫ গেলন =৬২.৪ পাউণ্ড =২৮.৩ কেজি।
- ১ ঘনমিটাৰ পানী =১০০০ লিটাৰ = ১০০০ কেজি।
- ১ ঘন চেণ্টিমিটাৰ পানী = ১ মিলিলিটাৰ= ১ গ্ৰাম।
- দৈৰ্ঘ্য (দূৰত্ব)
- ১ চেণ্টিমিটাৰ = ১০ মিলিমিটাৰ = ০.৩৯ ইঞ্চি।
- ১ মিটাৰ = ১০০ চেণ্টিমিটাৰ = ১০০০ মিলিমিটাৰ = ৩৯.৩৭ ইঞ্চি = ১.০৯ গজ = ২.১৯ হাত।
- ১ কিলোমিটাৰ = ১০০০ মিটাৰ = ০.৬২ মাইল = ১০৯০ গজ।
পৰিৱৰ্তন
এক লিটাৰ
- 0.87987699 ইম্পেৰিয়েল কোৱাৰ্ট
- Inverse: এক ইম্পেৰিয়েল কোৱাৰ্ট ≡ 1.1365225 লিটাৰ
- 1.056688 আমেৰিকান তৰল কোৱাৰ্ট
- Inverse: এক আমেৰিকান তৰল কোৱাৰ্ট ≡ 0.946352946 লিটাৰ
- 0.2641720523 আমেৰিকান তৰল গেলন
- Inverse: এক আমেৰিকান তৰল গেলন ≡ 3.785411784 লিটাৰ
- 0.0353146667 ঘন ফুট
- Inverse: এক ঘন ফুট ≡ 28.316846592 লিটাৰ
তথ্যসূত্ৰ
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ;SIborchureনামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ Collins English Dictionary
- ↑ Bureau International des Poids et Mesures, 2006, p. 124. ("Days" and "hours" are examples of other non-SI units that SI accepts.)
- ↑ ৪.০ ৪.১ সাঁচ:Cite web English translation: ‘Litre: unit of capacity for both liquids and solids which will be equivalent to a cube of [with sides] one tenth of a metre.’