যুগ্ম সংখ্যা

যুগ্ম সংখ্যা যুগ্ম সংখ্যা হৈছে এনে কিছুমান বাস্তৱ সংখ্যা যি সমূহক ২ৰে সম্পূৰ্ণকৈ হৰণ কৰিব পাৰি।[১] বা, এককৰ স্থানত ০,২,৪,৬,৮ অংক থকা সংখ্যা বোৰকে যুগ্ম সংখ্যা বোলে। উদাহৰণ স্বৰূপে ১২ এটা যুগ্ম সংখ্যা, কিয়নো ১২ ক ২ ৰে হৰণ কৰিলে কোনো ভাগশেষ নাথাকে। ইয়াৰোপৰি ১২ৰ এককৰ স্থানৰ অংকটো হৈছে ২। ০(শূন্য)ক যুগ্ম সংখ্যা বুলি কোৱা হয়।[২]
আন এক সূত্ৰ মতে যুগ্ম সংখ্যা হৈছে n=2k ৰূপত থকা কিছুমান পূৰ্ণ সংখ্যা, য'ত k হৈছে এটা পূৰ্ণ সংখ্যা।[৩] ইয়াত, n = 2k+1 হৈছে এটা অযুগ্ম সংখ্যা। যুগ্ম আৰু অযুগ্ম সংখ্যাৰ সংগ্ৰহ সমূহক তলত দিয়া ধৰণে বুজোৱা বা প্ৰকাশ কৰা হয়-[৪]
- যুগ্ম
- অযুগ্ম
যুগ্ম আৰু অযুগ্ম হোৱাৰ পাতিগণিতীয় নিয়ম
যোগ আৰু বিয়োগৰ ক্ষেত্ৰত
- যুগ্ম ± যুগ্ম = যুগ্ম;
- যুগ্ম ± অযুগ্ম = অযুগ্ম;
- অযুগ্ম ± অযুগ্ম = যুগ্ম;
পূৰণৰ ক্ষেত্ৰত
- যুগ্ম × যুগ্ম = যুগ্ম;
- যুগ্ম × অযুগ্ম = যুগ্ম;
- অযুগ্ম × অযুগ্ম = অযুগ্ম;
হৰণৰ ক্ষেত্ৰত
হৰণৰ ক্ষেত্ৰত যোগ, বিয়োগ আৰু পূৰণৰ দৰে নিয়ম প্ৰযোজ্য নহ'বও পাৰে। কাৰণ দুটা পূৰ্ণ সংখ্যাৰ হৰণফল সদায়ে এটা পূৰ্ণ সংখ্যা নহ'বও পাৰে। উদাহৰণ স্বৰূপে- 1÷4 = 1/4, ইয়াত 1/4 কোনো যুগ্ম বা অযুগ্ম সংখ্যা নহয়।[৫]