বিৱৰ্তনীয়ভাৱে সুস্থিৰ কৌশল

testwikiৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

সাঁচ:Short description সাঁচ:Infobox equilibrium

বিৱৰ্তনীয়ভাৱে সুস্থিৰ কৌশল (evolutionarily stable strategy) বা ESS হৈছে এক বিশেষ ধৰণৰ কৌশল অথবা কিছুমান কৌশলৰ সমষ্টি৷ যদি কোনো এটা পৰিৱেশত কোনো এটা জনসমষ্টিয়ে এই কৌশল অৱলম্বন কৰে, তেন্তে সেই জনসমষ্টিটো অভেদ্য হৈ পৰে৷ অৰ্থাৎ, আন বিকল্প কৌশলে (যি প্ৰথমাৱস্থাত বিৰল) এই জনসমষ্টিটোৰ ওপৰত আগ্ৰাসন চলাব নোৱাৰে৷ খেল তত্ত্ব, আচৰণগত পৰিস্থিতিবিজ্ঞান, আৰু বিৱৰ্তনীয় মনোবিজ্ঞানত এই কৌশল প্ৰাসংগিক৷ বিসুকৌ (বিৱৰ্তনীয়ভাৱে সুস্থিৰ কৌশল) হৈছে নাশ্ব সাম্যৱস্থাৰ এটা সাম্যৱস্থাগত পৰিশোধন৷ অৰ্থাৎ ই এটা নাশ্ব সাম্যৱস্থা, যি বিৱৰ্তনীয়ভাৱে সুস্থিৰ: যেতিয়া ই এটা জনসমষ্টিৰ মাজত স্থায়ী হৈ পৰে, তেতিয়া যিকোনোধৰণৰ বিকল্প (উৎপৰিৱৰ্তনীয়)ৰ কৌশলৰ আগ্ৰাসন মোকাবিলা কৰিবলৈ প্ৰাকৃতিক নিৰ্বাচনেই (natural selection) যথেষ্ট হৈ পৰে৷ ১৯৭২ চনত জন মেইনাৰ্ড স্মিথে তেওঁৰ গ্ৰন্থত পোনপ্ৰথমবাৰৰ বাবে এই বিশেষ পৰিভাষাটো প্ৰকাশ কৰে৷ [] "বিসুকৌ"ক আচৰণগত পৰিস্থিতিবিজ্ঞান আৰু অৰ্থনীতিবিজ্ঞানত বহুলভাৱে ব্যৱহাৰ কৰা হয়৷ লগতে নৃতত্ববিজ্ঞান, বিৱৰ্তনীয় মনোবিজ্ঞান, দৰ্শন, আৰু ৰাজনীতিবিজ্ঞানতো ইয়াৰ ব্যৱহাৰ হৈছে৷

চৰ্তসমূহ

ধৰি লওক N প্ৰকাৰৰ খেলুৱৈ আছে, আৰু প্ৰত্যেকে কোনো কৌশল p(i)δn চয়ন কৰিছে। কোনো এজন p(i) খেলা খেলুৱৈৰ আন p(j)খেলা খেলুৱৈৰ বিৰুদ্ধে গড় উপযোগিতাঢ়'ল uij=p(i)Ap(j), য'ত A হ'ল উপযোগিতাৰ মৌলকক্ষ। কোনো কৌশল p^ অনন্তস্পৰ্শীভাৱে সুস্থিৰ যদিহে তলত দিয়া দুই চৰ্ত পূৰ্ণ হয়[]:

১। সাম্যাৱস্থাৰ চৰ্ত: pAp^p^Ap^। এই চৰ্তৰ মতে, p^ এক নাশ্ব সাম্যাৱস্থা। গৃহস্থৰ বিৰুদ্ধে কোনো আক্ৰান্তাই গৃহস্থতকৈ ভাল প্ৰদৰ্শন কৰিব নোৱাৰে।

২। সুস্থিৰতাৰ চৰ্ত: pAp^=p^Ap^pAp<p^Ap। এই চৰ্তৰ মতে, যদি গৃহস্থৰ বিৰুদ্ধে আক্ৰান্তাই গৃহস্থৰ সমানেই ভাল প্ৰদৰ্শন কৰে, তেন্তে, আক্ৰান্তাৰ বিৰুদ্ধে গৃহস্থই আক্ৰান্তাতকৈ ভাল প্ৰদৰ্শন কৰিব।

তথ্যসূত্ৰ

সাঁচ:Reflist