নিউটনৰ বিশ্বজনীন মহাকৰ্ষণ সূত্ৰ

testwikiৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

সাঁচ:Physics stub সাঁচ:Sidebar with collapsible lists

১৬৮৭ চনত ইংৰাজী গণিতজ্ঞ ছাৰ আইজাক নিউটনে তেঁওৰ মহানতম সৃষ্টি “প্ৰিন্সিপিয়া” (ইংৰাজী: Principia)ত মহাকৰ্ষণৰ সূত্ৰ আগবঢ়াইছিল। মহাকৰ্ষণৰ সূত্ৰমতে,

বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো কণাই আন প্ৰতিটো কণাক আকৰ্ষণ কৰি আছে আৰু এই আকৰ্ষণ বলৰ মান কণাদুটাৰ ভৰৰ পূৰণফলৰ সমানুপাতিক আৰু সিহঁতৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক।

[]

বাখ্যা

ধৰাহ'ল, m1 আৰু m2 ভৰৰ দুটা কণাক পৰস্পৰ r দূৰত্বত ৰখা হৈছে। নিউটনৰ সূত্ৰ অনুসৰি দুয়োটা কণাই পৰস্পৰে পৰস্পৰক আকৰ্ষণ কৰিছে। m1 ভৰৰ কণাই m2 ভৰৰ কণাটোক F2 বলৰ দ্বাৰা আৰু m1 ভৰৰ কণাই m1 ভৰৰ কণাটোক F2 বলৰ দ্বাৰা আকৰ্ষণ কৰিছে, অৰ্থাৎ F1=F2 । আকৌ ধৰাহ'ল F1=F2=F । নিউটনৰ বিশ্বজনীন মহাকৰ্ষণ সূত্ৰমতে,

Fm1m2r2
or,F=Gm1m2r2,

য'ত G হৈছে মহাকৰ্ষণিক ধ্ৰুৱক। মহাকৰ্ষণিক ধ্ৰুৱকক বিশ্বজনীন ধ্ৰুৱক বুলিও কোৱা হয়। Gৰ মান হ'ল, G6.673×1011Nm2kg2[]

তথ্য সংগ্ৰহ

সাঁচ:Reflist

বাহ্যিক সংযোগ