আলোক বিদ্যুৎ পৰিঘটনা

testwikiৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
চিত্ৰ:আলোক-বিদ্যুৎ.jpg
আলোক-বিদ্যুৎ পৰিঘটনা

যেতিয়া কোনো ধাতৱ পৃষ্ঠত উপযুক্ত তৰংগদৈৰ্ঘ্যৰ পোহৰ (উদাহৰণস্বৰূপে জিংক পাটত অতিবেঙুনী পোহৰ আৰু ছডিয়াম, পটাছিয়াম, লিথিয়ামত দৃশ্যমান পোহৰ) পৰে, তেতিয়া পৃষ্ঠখনৰ পৰা ইলেকট্ৰন নিৰ্গমণ হয়। এই পৰিঘটনাটোকেই আলোক-বিদ্যুৎ পৰিঘটনা (ই‌ংৰাজী: Photoelectric effect) বুলি কোৱা হয়। এই প্ৰক্ৰিয়াত নিৰ্গত হোৱা ইলেকট্ৰনসমূক আলোক-ইলেকট্ৰন বুলি কোৱা হয়।[] এই পৰিঘটনাটোৰ আৱিষ্কাৰক আছিল হাৰ্টজ্‌। পাছলৈ হলৱাকছ্, লিনাৰ্ড, জে. জে. থমছন, আৰ. মিলিকান আৰু আন আন বিজ্ঞানীয়ে এই পৰিঘটনাটো পৰীক্ষামূলকভাৱে প্ৰমাণ কৰিছিল।[]

নিৰ্গমন প্ৰক্ৰিয়া

পোহৰ এবিধ বিদ্যুৎ চুম্বকীয় তৰংগ(electromagnetic waves) । যেতিয়া পোহৰ কণাৰ (ফ’টন) শক্তি কোনো এক ধাতুৰ কাৰ্য্যফলনৰ সমান বা তাতোকৈ বেছি হয়, তেতিয়া ধাতুবিধৰ ইলেকট্ৰনে সেই শক্তি শোষণ কৰে আৰু নিৰ্গত হয় ।

গাণিতিক ব্যাখ্যা

কোনো এটা ইলেকট্ৰনৰ গতিশক্তি ( Kmax )ক তলত দিয়া ধৰণে লিখিব পাৰি।


Kmax=hfφ,


য’ত h হ’ল প্লেংকৰ ধ্ৰুবক আৰু f হ’ল আপতিত ফ’টনৰ কম্পনাংক। φ = hf0 ক ধাতুবিধৰ কাৰ্য্যফলন বোলে। যিখিনি ন্যূনতম শক্তি প্ৰয়োগ কৰিলে ধাতু এবিধৰ পৰমাণুৰ বন্ধনত থকা এটা ইলেকট্ৰনক মুক্ত কৰাব পাৰি তাকেই ধাতুবিধৰ কাৰ্য্যফলন বোলে। কাৰ্য্যফলন


φ=hf0,


ইয়াত f0 সেই বিশেষ ধাতুবিধৰ ন্যূনতম কম্পনাংক।

নিৰ্গত হোৱা আলোক ইলেক্ট্ৰনৰ সৰ্ব্বোচ্চ গতিশক্তি


Kmax=h(ff0).


গতিশক্তি কেতিয়াও ঋণাত্মক নহয়, গতিকে এই পৰিঘটনা ঘটিবলৈ হ’লে অতি কমেও f>f0 হোৱাৰ প্ৰয়োজন। []

ৰুদ্ধ বিভব

ধৰাহ’ল কোনো এবিধ আলোক বিদ্যুৎ ধাতুৰ পৰা ইলেকট্ৰন নিৰ্গত হৈ থকা অৱস্থাত ধাতুৰ পাতচটাৰ দুই মূৰত এক ঋণাত্মক বিভৱভেদ প্ৰয়োগ কৰা হ’ল । ইয়াৰ ফলত সৃষ্টি হোৱা আলোক বিদ্যুতৰ মাত্ৰা হ্ৰাস পাব । এতিয়া যদি এই বিভৱভেদ ক্ৰমাৎ কমাই গৈ থকা যায় (অৰ্থাৎ ঋণাত্মক দিশত বঢ়াই যোৱা হয়), তেন্তে এক নিৰ্দিষ্ট ঋণাত্মক বিভৱ প্ৰয়োগ কৰাৰ লগে লগে সৃষ্ট আলোক-বিদ্যুত শূন্য হ’বগৈ । এইখিনি ঋণাত্মক বিভৱভেদকে ৰুদ্ধ বিভব বোলে । এই ৰুদ্ধ বিভৱৰ কেইটামান বিশেষ ধৰ্ম এনে ধৰণৰ

১) এই বিভৱ আপতিত পোহৰৰ প্ৰাবল্যৰ ওপৰত নিৰ্ভৰ নকৰে ।

২) কোনো নিদ্দিষ্ট আপতিত পোহৰ ৰশ্মিৰ ক্ষেত্ৰত এই বিভৱ (Vo) আৰু নিৰ্গত ইলেকট্ৰনৰ গতিশক্তিৰ যোগসূত্ৰ এনে ধৰণৰ

Kmax=12mvmax2

ইয়াত m হ’ল ইলেকট্ৰনৰ ভৰ আৰু and vmax নিৰ্গত ইলেকট্ৰনৰ সৰ্ব্বোচ্চ গতিবেগ । এতিয়া যদি e ইলেকট্ৰনৰ আধান হয়, তেন্তে

প্ৰয়োগ কৰা বিভৱভেদে কৰা কাৰ্য্যৰ পৰিমাণ =eV0 । এতিয়া,

12mvmax2=eV0

ইয়াৰপৰা প্ৰমাণ হয় যে আপতিত পোহৰৰ প্ৰাবল্যৰ ওপৰত নিৰ্গত ইলেকট্ৰনৰ গতিশক্তি নিৰ্ভৰ নকৰে । গতিকে,

Kmax= eV0

ৰুদ্ধ বিভৱ আপতিত পোহৰৰ কম্পনাংকৰ ওপৰত নিৰ্ভৰ কৰে । লগতে ধাতুভেদে এই বিভবৰ মাত্ৰা বেলেগ বেলেগ হয় ।

তথ্যসূত্ৰ

সাঁচ:Reflist