ঘাতবল
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
ধ্ৰুপদী বলবিজ্ঞানত, ঘাতবল(J) হৈছে সময়ৰ সাপেক্ষে বলৰ অনুকল( integral)।
যিহেতু বল এটা ভেক্টৰ ৰাশি, ঘাতবলো এটা ভেক্টৰ ৰাশি। এছ আই একক হৈছে নিউটন ছেকেণ্ড। অন্য ইংৰাজ আভিযান্ত্ৰিক একক কিছুমান হৈছে পাউণ্ড-ছেকেণ্ড আৰু শ্লাগ-ফুট প্ৰতি ছেকেণ্ড।
ধ্ৰুৱীয় ভৰৰ ক্ষেত্ৰত গাণিতীয় সম্বন্ধ
t1 ৰ পৰা t2 সময়ত ঘাতবল J হৈছে [১]
য'ত t1 ৰ পৰা t2 সময়ত প্ৰযোজিত বল F। নিউটনৰ দ্বিতীয় সূত্ৰৰ পৰা বল আৰু ভৰবেগৰ সম্বন্ধ হৈছে -
গতিকে,
য'ত Δp হৈছে t1 ৰ পৰা t2 সময়ত সলনি হোৱা ভৰবেগ। ইয়াক প্ৰায়ে ঘাতবল-ভৰবেগ সূত্ৰ হিচাপে জনা যায়। অৰ্থাৎ, ঘাতবলক কোনো বস্তুৰ ওপৰত বল প্ৰয়োগ কৰাৰ ফলত হোৱা ভৰবেগৰ পৰিৱৰ্তন হিচাপেও সংজ্ঞাবদ্ধ কৰিব পাৰি।
য'ত,
ঘাতবলক তীব্ৰবেগী বল বা প্ৰভাৱ(fast-acting force or impact) সূচাবলৈকো কেতিয়াবা ব্যৱহাৰ কৰা হয়।