কবৱেব আৰ্হি

অৰ্থনীতিত কবৱেব আৰ্হিয়ে এনে বজাৰৰ পৰিস্থিতি ব্যাখ্যা কৰে য'ত উৎপাদকে পূৰ্বৰ মূল্যৰ আধাৰত বৰ্তমানৰ মূল্য নিৰ্ধাৰণ কৰিবলগীয়া হয়, সম্ভৱতঃ এই কাৰণে যে বৰ্তমানৰ চাহিদাৰ সঠিক জ্ঞান উৎপাদকৰ ওচৰত নাই। বিভিন্ন কবৱেব আৰ্হি ৰনাল্ড ক'চ, ৱাচিলি লিয়ণ্টিয়েফ আৰু নিকলাছ কালডৰৰ দৰে অৰ্থনীতিবিদে অধ্যয়ন কৰিছিল। কালডৰৰ "এ ক্লাছিফিকেটৰি ন'ট অন দ্য ডিটাৰ্মিণে'টনেছ অৱ ইকুইলিব্ৰিয়াম"ত এনে আৰ্হিক প্ৰথমবাৰৰ বাবে "কবৱেব" আখ্যা দিয়া হৈছিল, যিহেতু চিত্ৰৰ সহায়ত প্ৰকাশ কৰিলে এই আৰ্হি "কবৱেব" বা "মকৰাৰ জালৰ দৰে" দেখা দিয়ে[১]। এই আৰ্হি বাস্তৱত কৃষি সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ- বিশেষকৈ গাহৰীৰ দৰে পশুৰ মূল্য, কোনো কোনো গৃহ খণ্ডত মূল্য আদিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছিল। পিচে অনেক ক্ষেত্ৰত পাছলৈ আৰ্হিটোত কিছু সমস্যা দেখা গ'ল।
যদিও এই আৰ্হিক বিভিন্ন ধৰণে সংজ্ঞায়িত কৰিব পাৰি আৰু অনেক ৰূপ সাধাৰণতে ব্যৱহৃত, আৰ্হিটোক তলত দিয়াৰ দৰে ৰৈখিক ৰূপত সংজ্ঞায়িত কৰি সহজে বুজিব পৰা যায়-
ইয়াত ক্ৰমত পণ্যৰ যোগান আৰু চাহিদা। মন কৰক যে এই সৰলীকৃত আৰ্হিত, সময় ৰ যোগান নিৰ্ণয় কৰে সময় ৰ মূল্য এ[২]। হ'ল বৰ্তমানৰ মূল্য। এই মূল্য এনে যে চাহিদা আৰু যোগান সমান হৈ পৰে। এই আৰ্হিত মূল্যৰ চক্ৰ দেখা দিব পাৰে- যেনে গাহৰী-মাংসৰ চক্ৰ- য'ত গাহৰীৰ মাংসৰ মূল্যৰ চক্ৰৰ দৰে আচৰণ দেখা যায়।
ৰৈখিক আৰ্হিত মূল্যৰ সময়ৰ সৈতে আচৰণ
ওপৰত দিয়া দ্বিতীয় আৰু তৃতীয় সমীকৰণৰ পৰা যোগান আৰু চাহিদাৰ সূত্ৰ প্ৰথম সমীকৰণত ব্যৱহাৰ কৰি, আমি পাওঁ-
বা
ই এক সজাতীয় অন্তৰ সমীকৰণ। যদি প্ৰথম সময়-বিন্দুত মূল্যৰ মান , তেন্তে সমীকৰণটিৰ উপায় এনে ধৰণৰ-
, য'ত ।
যিহেতু প্ৰত্যেক ধ্ৰুৱক ধনাত্মক, সেয়ে আমি পাওঁ, আৰু সেয়ে এই সমীকৰণৰ প্ৰত্যেকটি উপায়তেই মূল্যই চক্ৰাকাৰ আচৰণ প্ৰদৰ্শন কৰে। সময়ৰ সৈতে, মূল্য এক বিশেষ মানলৈ অগ্ৰসৰ হয়, অৰ্থাৎ,আমি অভিসৰণ দেখা পাওঁ যদিহে
অৰৈখিক আৰ্হি
যোগান আৰু চাহিদা ফলন আৰু ৰৈখিক নহ'লেও কবৱেব আৰ্হি ব্যৱহাৰ কৰিব পৰা যায়। কিন্তু এনে অৰৈখিক আৰ্হিৰ বদ্ধ-ৰূপৰ উপায় নাথাকিবও পাৰে।
এনে উপায় নাথাকিলেও, আমি এটি সাম্যাৱস্থা পাওঁ বিন্দু ত, য'ত । আৰু ৰ ৰৈখিকৃত ৰূপ এনেধৰণৰ-
সাম্যাৱস্থাৰ বিন্দু স্থানীয়ভাৱে অনন্তস্পৰ্শী-ভাৱে স্থিৰ সদিহে এই চৰ্ত পূৰ্ণ হয়-
আৰু
।
নতি আৰু স্থিতিস্থাপকতা
ওপৰত স্থিৰতাৰ চৰ্তসমূহ নতি বা অৱকলৰ সহায়ত প্ৰকাশ কৰা হৈছে। পিচে, যিহেতু ভিন্ন পণ্যৰ ভিন্ন একক থাকে, অৰ্থনীতিবিদসকলে সাধাৰণতে সাধাৰণ ফলসমূহ নতিৰ স্থানৰ স্থিতিস্থাপকতাৰ সহায়ত প্ৰকাশ কৰে। কাৰণ স্থিতিস্থাপকতাৰ কোনো একক নাথাকে। কবৱেব আৰ্হিৰ ক্ষেত্ৰতো স্থিৰতাৰ চৰ্তসমূহ নতিৰ সলনি স্থিতিস্থাপকতাৰ সহায়ত প্ৰকাশ কৰিব পৰা যায়।
ওপৰত দিয়া চৰ্তসমূহ এনেদৰেও লিখিব পৰা যায়-
যোগানৰ মূল্য-স্থিতিস্থাপকতা [৩] আৰু চাহিদাৰ মূল্য-স্থিতিস্থাপকতা [৪]। এই সূত্ৰ ওপৰৰ চৰ্তৰ সমীকৰণত ব্যৱহাৰ কৰি আমি পাম, যে অভিসৰণৰ বাবে এই চৰ্ত প্ৰযোজ্য-
আৰু অপসাৰণৰ বাবে এই চৰ্ত প্ৰযোজ্য-
চিত্ৰৰ সহায়ত মূল্যৰ আচৰণৰ ব্যাখ্যা
মূল্যৰ ব্যৱহাৰক চিত্ৰৰ সহায়তো বুজিব পৰা যায়। প্ৰথম চিত্ৰত, , সেয়ে যদিও মূল্যই চক্ৰৰ দৰে ব্যৱহাৰ প্ৰদৰ্শন কৰে, সময়ৰ সৈতে ই বৰ্তমানৰ চাহিদা আৰু বৰ্তমানৰ যোগানৰ সমতাৰ দিশে আগবাঢ়ে[৫]। দ্বিতীয় চিত্ৰত । ইয়াত চক্ৰাকাৰ ব্যৱহাৰ সময়ৰ সৈতে অধিক অস্থিৰ হৈ পৰে আৰু মূল্য কোনো দীৰ্ঘ-কালীন মূল্যলৈ অগ্ৰসৰ নহয়[১]।
চক্ৰাকাৰ ব্যৱহাৰ এই বাবেই দেখা হয়, যে উৎপাদকে পূৰ্বৰ কালৰ চাহিদাৰ ভিত্তিত পণ্য যোগান ধৰে। কিন্তু ইয়াৰ মিল বৰ্তমানৰ যোগানৰ সৈতে সাধাৰণতে নহয়। যদি চাহিদাতকৈ যোগান অধিক হয়, মূল্য কম হৈ পৰে। কম মূল্য দেখি পৰৱৰ্তী কালত উৎপাদকে কম উৎপাদন কৰে, কিন্তু চাহিদা অধিক হোৱাত মূল্য অধিক হয়। আকৌ মূল্য অধিক হোৱা দেখি উৎপাদকে অধিক উৎপাদন কৰে, কিন্তু চাহিদা তুলনামূলকভাৱে কম হয় আৰু মূল্যও কম হয় আৰু এই চক্ৰ সময়ৰ সৈতে চলি যায়।
তথ্য আৰু সাক্ষ্য
বাস্তৱ জগতত অনেক বজাৰক ব্যাখ্যা কৰিবলৈ কবৱেব আৰ্হি ব্যৱহাৰ কৰা হৈছে।
পশুপালন
কবৱেব আৰ্হিৰ ব্যৱহাৰ কোনো কোনোৱে পশুৰ মূল্যৰ ব্যৱহাৰ বুজিবলৈ কৰে। উদাহৰণ স্বৰূপে আৰ্থাৰ হানাৱে জাৰ্মান গাহৰী-বজাৰসমূহত মূল্যৰ চক্ৰীয় ব্যৱহাৰ লক্ষ্য কৰিছিল। সেই পৰ্যবেক্ষণক গাহৰী মাংসৰ চক্ৰ বোলা হয়। পিচে ১৯৯৪ত ৰচেন আৰু সহযোগী গৱেষকৰ এটি দলে গাহৰীৰ তিনি-বছৰীয়া জীৱন-চক্ৰৰ ভিত্তিত এই কথা প্ৰমাণ কৰিলে যে গাহৰী মাংসৰ চক্ৰীয় ব্যৱহাৰ কবৱেব আৰ্হিৰ পূৰ্বৰ মূল্যৰ ভিত্তিত বৰ্তমানৰ যোগান নিৰ্ণয় কৰা যুক্তি যদি ব্যৱহাৰ কৰা নহয়ো, তেতিয়াও দেখা দিব পাৰে। যদি উৎপাদকে পূৰ্বৰ মূল্যৰ ঠাইত বৰ্তমানৰ মূল্যৰ ভিত্তিত যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে, তেতিয়াও গাহৰীৰ জীৱন-চক্ৰৰ গুণাগুণৰ বাবে মূল্যত চক্ৰৰ দৰে ব্যৱহাৰ দেখা দিব পাৰে[৬]।
মানৱ সংপৰীক্ষাত্মক তথ্য
১৯৮৯ত ৱেলফৰ্ডে ৫০০ৰো অধিক লোকৰ ওপৰত ১২টা প্ৰয়োগ কৰিছিল, ৩০ৰ অধিক কালৰ বাবে। প্ৰয়োগটিত আৰু ৰ অনেক মান ব্যৱহাৰ কৰা হৈছিল।
ফলাফলত দেখা গ'ল, যে কবৱেব আৰ্হিয়ে দাবী কৰাৰ বিপৰীতে, অপসাৰণৰ চৰ্ত পূৰ্ণ হোৱাৰ পাছতো বজাৰ মূল্য অপসাৰিত হোৱাৰ ঠাইত অভিসৰিতহে হ'ল, তৰ্কসংগত আকাংক্ষাই প্ৰদান কৰা সাম্যাৱস্থাৰ মূল্যৰ দিশে। পিচে, অপসাৰণৰ চৰ্ত পূৰ্ণ হ'লে, অভিসৰণৰ পথৰ বিক্ষেপণ অধিক দেখা দিছিল। বিক্ষেপণৰ এই পাৰ্থক্য সাংখ্যিকীয়ভাৱে মহত্বপূৰ্ণ প্ৰমাণিত হ'ল।
এই ফল এনেদৰে বুজিব পৰা যায় যে দীৰ্ঘ-কালত মানুহে তৰ্কসংগত আকাংক্ষা তত্ত্বই বুজোৱাৰ দৰে ব্যৱহাৰ কৰে, কিন্তু হ্ৰস্ব-কালত মানুহে অনেক ভুল কৰে আৰু এই ভুল তেতিয়া অধিক হয় যেতিয়া অপসাৰণৰ চৰ্ত পূৰ্ণ হয়।
ইজৰাইলৰ গৃহ বজাৰ
ইজৰাইলত সময়ে সময়ে দেখা দিয়া আপ্ৰৱাস (যি চৰকাৰৰ 'ব্ৰিছা' নীতিৰ বাবে দেখা দিয়ে), ভিন্ন বিত্তীয় নীতি আদিৰ বাবে গৃহ খণ্ডত মূল্যৰ চক্ৰীয় ব্যৱহাৰ দেখা দিয়ে। এই চক্ৰীয় ব্যৱহাৰক কবৱেব আৰ্হিৰ মাধ্যমেৰে বুজাব পৰা যায়।
তথ্য সংগ্ৰহ
- ↑ ১.০ ১.১ সাঁচ:Cite web
- ↑ সাঁচ:Cite web
- ↑ সাঁচ:Cite web
- ↑ সাঁচ:Cite web
- ↑ সাঁচ:Cite web
- ↑ Edward Lotterman, "In shipping, cattle and some careers, cycles play out", Twin Cities Pioneer Press, 4. April 2012: Real World Economics